প্ৰেমৰ বান হৃদয়ত

তোমাৰ পৰশত মেলিলে চকু
সুকোমল ফুল পাহিয়ে,
ওৰণিৰ তলৰ মিচিকীয়া হাঁহিত
কাৰ বুকুত জাগিল সপোন,
লাগি চমক কাৰ বুকুত
বননীত নাচিছে  হৃদয়,
প্ৰেম-মদিৰাত প্রাণ হেৰা
সপোনত নাচে বিৰহী প্ৰাণ,
ভাঁহি ফুৰে শূন্যত
স্নিগ্ধ কোমল ৰূপ মুগ্ধ,
প্ৰেমৰ বান হৃদয়ত
বৈ আহিল
বাৰিষা ঢল হৈ,
দৰদী ফুলাম পাহি
উঠিছে বাজি কা হৃদয়ত

পুলক-ভৰা চিফুং বাহী