বসন্তৰ আগজাননি


বাঁহীয়েজালে  সপোনৰ ৰাগী
বতাহে  বিলালে বা,
জোনাক নিজৰা উপচি পৰিল
দুৱৰিত জিলিকিল তৰা |
কেতেকী তগৰ বননিত ফুলিছে
বতাহত বিয়পিছে কুলিৰ কন্ঠ
উপচি পৰিছে সুৱদি মাত
মন মতলীয়া অমিয়াৰ আবেস
ৰাঙলী বসন্তৰ মৃদু পৰশ।