জীৱনৰ দুৱাৰদলিত উজুতি খাই
বিবৰ্ণ কলা মুখ জীৱন আত্মাৰ
সপোনৰ মায়াজাল ভাগি
বিয়পি গল এটি অনুভৱ
কলিজাৰ ধপধপনিত তেজৰ দূৰ্বাৰ গতি
নিঃসংঙ্গতাৰ আবেগত কঁপি উঠিছে হৃদয়
হেৰুৱাৰ বেদনাত
বুকুত পাহাৰসম বোজাৰ অনুভৱ
শোকৰ কলিয়া ডাৱৰে চানি ধৰা মন
ক্ৰমাত নিস্প্ৰভ হৈ অহা পোহৰৰ জ্যোতি
এক অজান যাত্ৰাত
হৃদয় ভাগি চূৰমাৰ হোৱাৰ মৰ্-মৰ্ শব্দ
শূন্যতাই সুহি নিয়া তেজহীন
ৰিক্ত হৃদয়
জীৱন যাত্ৰাৰ শেষ প্ৰান্তত
বাজিছে কাণত অহৰহ ঘন্টা ধ্বণ্ণি।