আশাৰ পোহৰ

বেলি মাৰ যোৱা পৰত
আন্ধাৰৰ অপেক্ষাত
মনৰ উদ্দেশ্য সিদ্ধিৰ
এক অভিধান মগজুত সমাগত

দৃশ্যমান এটি আশাৰ পোহৰ
বাজি উঠিছিল শংখ ঘণ্টা
সাৰে থাকিম ময় অকলশৰে

এটি অনুভূতি জাগিছিল
দূৰ দিগন্তৰ মাৰ যোৱা
বেলিটিলৈ চাই।

সূৰুযৰ ৰশ্মিৰ ৰাঙলী আভা
ঘৰমুখী পক্ষীবোৰৰ কিৰিলি
উদাস মনত উঠলি উঠিছিল
এটি আশাৰ পোহৰ I