বিষাদ নীল আকাশৰ

নীল আকাশৰ বিষাদ কঢ়িয়াই কঢ়িয়াই
শুকুলা ডাৱৰে ললে কজলা বৰণ
সংগী মাথো ধুমুহা বতাহ
সূৰূযেও কি ভাবি জানো মুখ লুকালে

আন্ধাৰৰ সুযূগত দৈত্য দানৱে কিৰিলি পাৰিলে
দেৱলোকত সৃষ্টি হল ত্ৰাস
তৰোৱালৰ চিকমিকনি আৰু
ঝংকাৰিত সংঘৰ্ষত সৃষ্টি হল বিজুলী

ডাৱৰে সহিব নোৱাৰি
মুক্ত ধাৰাৰে এৰি দিলে চকুপানী
ধাৰাষাৰ ঢলৰ সৃষ্টি কৰি
ধূই নিকা কৰিলে বিষাদ
নীল আকাশৰ।