হেৰুৱা মন


বাজিছে এটি সুৰ গীতৰ
নুবুজো ভাষা সুৰৰ
কিন্তু হৃদয়হীন নহওঁ ময়
সুৰৰ মূৰ্চনাত মন হেৰাল
খেলি মেলি অনুভৱ প্ৰাণৰ
এটি অবোজ মন
বোজাব নোৱাৰো কিয় বাৰু
হেৰুৱা মন মোৰ
কিয় জানো বিছাৰি নেপাওঁ।