খজুৱতি


ঐ খজুৱতি, ঐ খজুৱতি
তই যে বৰ ৰসাল
খজুৱাই খজুৱাই পিঠি ৰঙা কৰি,
কৰি দিলি বখলা বখল
তথাপিও জানো তই খজুৱাবলৈ এৰিছ
পাই তাৰ মধুৰ আমেজ
দৰবৰ তোপালবোৰ পৰে যেতিয়া এটোপ এটোপকৈ
তেজ বিৰিঙা চালত
ধৰে চেক চেককৈ কটাৰীয়ে কটাদি 
সহিব নোৱাৰি 
আজি তই গগণ ফালিচ্

ঐ খজুৱতি ঐ খজুৱতি
তই যে বৰ ৰসাল  ।।