এই বেলি বিহুতে চেনাই
ৰাখিছিলো যতনে তোমালৈ
বিহুৱান এখনি বৈ
তুমিতো নাহিলা
নিদিলা বতৰা
বিহুৱান খনি পৰি ৰ’ল
এখনি গামোছা হৈ
দিছে সোৱৰাই বাৰে বাৰে
তোমাৰ অনুপস্থিৰ কথা
বুকুত মোৰ উঠলি উঠিছে
শত বাৰিষাৰ ঢৌ
ধাৰাষাৰে বাগৰি আহিছে
দুচকুত বান হৈ
তুমি দিয়া প্রতিশ্রূতি
আৰূ তুমি দিয়া আশাবোৰ
বাৰিষাৰ ঢলত
ভাঙি চোৰমাৰ হৈ গ’ল