বাটৰ পথিক

সাধাৰণ আছিলো মই
আছিলো বাটৰ পথিক
আহিছিলো বোকা পানীৰে ভৰা বাটেৰে
বোকাত ভৰি সাধাৰন কথা
মনত নপৰে
কৈশোৰ জীৱন
খেতিপথাৰত মাথো বোকাই বোকা
বোকা ৰংগমঞ্চ আমাৰ
দৈনন্দিন জীৱনৰ
নুবুজা অনুচ্ছেদ
এটা মাথো কেকুৰী
জীৱন যাত্রাৰ এটা অনুচ্ছেদ
মাথো সহযাত্রী তোমাৰ
কেতিয়াওঁ নোৱাৰো
সৃষ্টিৰ কৰিব
মৰ স্মৃতি ঘৰ
তোমাৰ আশাৰে
সাধাৰণ বাটৰ পথিক ময়।