ঊৰ্মিলা

প্রেম ভাৱ কিন্তু কথাৰ অভাৱ
তপত সংকেত
বিচ্ছেদৰ পোৰণি ভাপ
নুবুজি সোধে জগতক
অব্যক্ত সুৰ
ঊৰ্মিলা
ফুলনিৰ কোমলতা
এটি প্রাণ হৰিছিল নিজানত
সৃষ্টিৰ চেতনা সংগ্ৰামৰ ইতিহাস
বিমৰ্ষ সন্ধিয়াত
ক্ৰুৰ স্পৰ্শৰ উত্তাল তৰঙ্গ
সপোন কাঢ়ি
বিচিত্ৰ অভিব্যক্তিৰ জাগৰণ
পৰিবৰ্তন  নতুন এটি যুগৰ।।