কাণে কাণে প্ৰতিটো শব্দৰ
বিচিত্ৰ জীৱনৰ তীব্ৰ বিপ্লৱ
সৃষ্টিৰ উত্তাপ ছাই কৰি
ভৰি পৰে বুকুৰ ভিতৰে-বাহিৰে
মনৰ স্তৰে স্তৰে বিয়পি পৰে
নিৰ্জন ছায়াৰ অপাৰ বিস্ময়
আবেগত ভাঙি পৰে নিজান সুৰ
মোৰ অসহায় চকুত
অনুভূতিৰ বিস্তৰ মতভেদ
সংকটৰ মুখামুখি হৈ নিমিষতে ভাঙি পৰে
ভৱিষ্যতৰ সপ্ৰতিভ বৰ্তমান
শিপা ছিন্ন-বিচ্ছিন্ন যেন ধুলিঘৰ বালিৰ
শৰীৰত বিয়পি আছে আইৰ চাদৰৰ
কিংবদন্তিৰ কৰুণতা
দুহাতেৰে দাঙি সাবতি
গধুৰ দায়িত্ব
ছিটিকি পৰে অজানিতে
বিচিত্ৰ বীনাৰ সহস্ৰ সুৰ
ভৱিষ্যতৰ সপোন জীৱনৰ আহেঁ আহেঁ
আৰম্ভ কৰিছোঁ এক নতুন যাত্ৰা ।।