তুমি আগুৱাই যাবা

সময় ৰৈ আছিল চুক এটাত
শান্তভাৱে কান্দি কান্দি মজিয়াত।

এমুঠী জিয়া আবেগৰ চেঁচা বতাহ
ফোটটো মচি দিলে নিষ্ঠুৰ নিয়তিয়ে।

কান্ধত উঠাই লৈ যাব চিৰকাললৈ
পৰি ৰ’বা তুমি এই বোৱতী নৈত।

দুখ আঘাত আৰূ সময়ৰ লগে লগে
বতাহ বৰষুণ থাকিব দুবাহু মেলি
সন্মূখত ৰৈ থাকিব জীৱন।

হাঁহিবা আৰূ সময় ধৰি ৰাখিবা
তুমি আগুৱাই যাবা সোঁতত পৰি।