ভালপোৱাৰ আনন্দ

সুন্দৰ সপোণৰ ৰহস্যজালে
উত্তপ্ত শৰীৰত স্পন্দন তুলে
বৈ যায় শৰীৰত শীতল ধাৰা
জ্বলি উঠে উত্সৱৰ উখল মাখল
আহিনৰ ৰ'দালিৰ ভাঁজে ভাঁজে
শব্দৰ তন্ময় যাদুকৰী সান্নিধ্য
উপস্থিতি নিৰ্জন ছায়াৰ
সৰি সৰি পৰি ৰ'ল
সপোনৰ কোমল কৌতূহল
বুকুত ভৰি থাকে সৰল হাঁহি
সাৱটি নিজৰাটিৰ নিজান সুৰ
নিমিষতে গঢ়ি উঠে সুশোভিত উদ্যান
বুকুৰ ভিতৰে ভিতৰে গোলাপৰ সুগন্ধ
মন উৰি গুছি যায়  যৌৱনৰ কোহঁ বিচাৰি
বৈ যায় সমগ্র শৰীৰত ভালপোৱাৰ আনন্দ ।।