যদিও ভাঙিলি দুখ মোৰ
পিহি শিলত জোকাৰি ফুলৰ
পাহি
হৃদয়ে নেমেলে নাও
প্ৰীতিৰ সোঁতত
উটুৱাই গুচি গ’ল
স্মৃতি পমি গ’ল
ভুলালি হৃদয়
ভূমুকি মাৰোগৈ
সৌন্দৰ্য্যৰ আভাস পাই
পানীত নিশাৰ তৰাই
হাঁহিছিল নাচিছিল
উটি গৈছো ভাবতে ভাঁহি
হৃদয় জিৰাব
সোঁতৰ শাখা প্রশাখাত
বেলিটিৰ হেঙুলি বৰণ
মোৰ জীৱনৰ ফুলৰ পাহি II