প্রাণত উঠিছে জোৱাৰ


প্রাণত সূৰ্যৰ উত্তাপ
অনুভব অদ্ভুত দীপ্ত তৰংগ
কঁপে প্রগলভ কণ্ঠ
প্রাণ সমুদ্রত উঠিছে জোৱাৰ
বসন্তৰ বতাহ যৌৱনৰ
চকুত চমকে বিজুলী
পেঁপাৰ সুৰত চঞ্চল মন
তেজত ঢল বয় স্বপ্নৰ
শিৰাই শিৰাই সৃষ্টি বিদ্যুত
ভৰি উঠে মন
জাগি উঠে এটি
সাঁচতীয়া সপোন  ।।