স্পর্শতে অনুভৱ

ৰহস্যময় এই অস্তিত্ব
ঘটিছে বিস্ফোৰণ অন্তৰাত্মাত

শীতল স্পর্শ দুয়োৰ
স্পর্শৰ অনুভৱে কলে
বুকুৰ সুৰ

ভাব সাগৰত বুৰ গ'ল
ৰহস্যময় ৰূপ

মনৰ ভাবত
নিজৰাৰ গুণ গুণ

অসংখ্য পখিলাৰ
সজীৱ উপত্যকা

জোনাকৰ শুভ্রতা বুকুত সাবটি
উদ্বাউল মনৰ প্রতিধ্বনি

সিক্ত কন্ঠৰ কোমলতাই
থিতাপি লৈছিল হৃদয়ত
কোনেও নজানকৈ

স্পর্শতে অনুভৱ
প্রাণৰ বিননি ।।