মোৰ সপোনৰ অংকুৰন


তুমি মোৰ সপোনৰ অংকুৰন
হেপাহ অপেক্ষ্যাৰ সপোন তুমিয়েই
তোমাৰ বুকাপানীৰ পৰশত
অনুভৱ কৰো মৰমী মাতৃৰ হাতৰ পৰশ
তুমি মোৰ কল্পনাৰ
আৰূ
স্মৃতিত ভৰি থকা সোনালী সপোন
কেচা মাটিৰ সুগন্ধ
আৰূ শেৱালীৰে আবৰা
পোৱাবেলাৰ অনুভৱে
গাত তুলে এটি শিহৰণ
বৈ যায় শৰীৰৰ অংগে অংগে
এটি গীতৰ সুৰ
তোমাৰ বুকুত গজি উঠা
সেউজী সপোনবোৰে
মোক মতলীয়া কৰি
জীয়াই থকাৰ নতুন আশা দিয়ে
সেউজীয়া তোমাৰ ৰূপে
সোনালী সপোনৰ ৰূপ লৈ
উপচি পৰিলে
মোৰ মন মাদকতাৰে ভৰি পৰে
তোমাৰ বুকুত ঢৌ খেলাই যোৱা
বতাহ চাতিয়েও
যেন কাণে কাণে কৈ যায়
তোমাৰ আশাভৰা প্রাণৰ কথা