আশাৰ নন্দন কানন

বুকু উন্মুক্ত মোৰ এটি নতুন আশাৰ সপোন
ক্ষ্যনবোৰ নিস্তেজ আজি
সত্যৰ সন্ধানত আগবাঢ়িছে সমাজ
কল্লোলিত জনতাৰ কণ্ঠ
পথাৰ ৰাজপথ একাকাৰ কৰি
মুখৰিত আজি আকাশ বতাহ
নব প্রজন্মৰ তজবজীয়া শৰীৰত
উদ্বভাষিত ৰৌদ্দোজ্বল জ্যোতিৰ
সোন গুটি লাগে আমাক দেশৰ মাটিত
মোহ ভংগ আজি সপোন কাৰেঙৰ
এটি আশাৰ ঝংকাৰ
উটি ভাহি যায় দূৰ দূৰণিলৈ
উচ্ছাসৰ তীব্র আস্ফালন
কল্লোলিত হৃদয়ত বাৰিষাৰ ঢল
নতুন পলসত গঢ়ি উঠিব
এখনি নতুন বাগিচা
গজি উঠিব ন-জ্যোতিৰে
বুকু ভৰা আৰূ হৃদয় শীতল কৰা
দেহৰ ঘামেৰে শিক্ত
আশাৰ নন্দন কানন  ।।