লুইতৰ পাৰত বহি ভাবিছানে কেতিয়াবা
এই পানী কলৈনো যায়,
যুগে যুগে কঢ়িয়াই নিয়ে
সুখ দুখৰ কত কাহিনী,
ভাবিছানে কেতিয়াবা
মৃদু ঢৌ বোৰে কি গীত গায়,
পাৰত থেকা খায় খিলখিলাই হাঁহি
কাৰ প্ৰেমৰ বতৰা কয়,
আৰূ কেতিয়াবা উচূপি উচুপি
কাৰ দুখৰ বতৰা কয়,
লুইতৰ বুকুয়েদি নাও বায় যোৱা
নাৱৰীয়াৰ গীতবোৰ শুনিছানে,
তাৰ লহৰে লহৰে আনন্দত
ঢৌবোৰে নৃত্য কৰা দেখিছানে,
বাৰিষা ৰূদ্ৰ মূৰ্ত্তি যেন আই গোঁসানী
পাৰা পাৰ নেদেখা কৰি
সকলো চূৰমাৰ কৰি যায়,
এয়েনে কাহিনী লুইতৰ বৈ যায় সাগৰলৈ,
সাগৰৰ বুকুয়েদি বৈ যায় দেশ দেশান্তৰলৈ,
লিখিছেনে কোনোবাই কাহিনী লুইতৰ
বূৰঞ্জীৰ পাতে পাতে,
লিখা নাই যদি সকলোবোৰ
সময়ৰ গতিত কতনো হেৰাই যায়,
লুইতৰ পাৰত বহি ভাবিছানে কেতিয়াবা
এই পানী কলৈনো যায় ।