মোৰ উত্তপ্ত বাসনাৰ জ্বলন্ত পিণ্ড
ঢলি পৰিল তোমাৰ বুকুত
উদ্গীৰিত আগ্নেয়গিৰিৰ গলিত লাভা
বৈ আহিল ধৰাৰ বুকুলৈ
সকলো চূৰ্ণ-বিচূৰ্ণ কৰি
আকাশ ধূৱলী কুৱলী
তাতে সৃষ্টি শিলা বৃষ্টি
উগ্র ডাৱৰৰ তাণ্ডৱ গৰ্জন
খোলি দিলে দুৱাৰ আকাশী গংগাৰ
ধাৰাষাৰ বৃষ্টিৰ শীতল পৰশে
গলিত লাভা শীতল কৰি
ৰূদ্ধ কৰিলে সিহঁতৰ গতি
আকাশী গংগাৰ মৃদু পৰশত
স্তিমিত হ'ল মোৰ উত্তপ্ত বাসনা
বৈ গ'ল এটি শিহৰণ সুখ নিজৰাৰ ।।