ওপঙি ফুৰিছে মন দিহিঙে-দিপাঙে
দুচকুয়ে মাথো সৌন্দৰ্য্য বিচাৰে,
ভালপোৱাবোৰ হৃদয়ৰ আকৰ্ষণ
সুহুৰি মাৰিলেও সঁহাৰি নেপাও,
সেমেকা ৰঙা গোলাপৰ পাহী
বাগিছাৰ প্রজাপতি হৈ হালিচে জালিছে,
উমানতে পাওঁ গম চকুপানী
গোলাপৰ পাহীত নিয়ৰৰ টোপাল,
শূন্যতাৰেভৰা বুকু
ভালপোৱাৰ নাই কোনো সন্ধান,
তন্ময় ছাৱঁনি
প্রতিটো উপত্যকাত
উফৰি ফুৰে মন,
প্রতিব্ধনি শুনো মাথো
উপায় বিহীন যাযাবৰ মই,
গুছি গল বসন্ত
হেৰুৱাৰ দিনবোৰৰ সতে,
নিঃশ্দ্বে অন্তিমত জ্বলি উঠা
ধিমিত ধামাক পোহৰ,
সপোনতো বজাওঁ বাঁহী
দুখবোৰে হেঁচা মাৰি ধৰে,
বিৰহৰ সুৰহে বাঁহীত ফুটি উঠে।
এতিয়াও সুস্পষ্ট নহয় মোৰ দৃষ্টি
পূৰণি কোঠাবোৰ ভালকৈ ঘূৰি ঘূৰি চালো
পূৰণি পূৰণি গোন্ধ এটাই মোক আবৰি ধৰিলে
কেইবাশ বছৰ পূৰণি কোঠাবোৰ
বিদ্যুংগতিত এক শিহৰণ বুকুয়েদি পাৰ হৈ গ’ল
এটা অচিন জাৰত কঁপি উঠিলো
মোৰ এনেকোৱা ভাৱ হৈছিল
যেন এক অশৰীৰি আত্মাই
মোৰ ওচৰে পাজৰে ঘূৰি ফূৰিছে
মোৰ এনে লাগিল যেন
মোৰ সহনশীলতা, আত্মসংযম
আৰু ধৈৰ্য্যৰ হিচাব নিকাচ কৰিছে কোনোবাই
কিছু শংকিত আৰু চিন্তিত হৈ পৰিছিলো মই
সকলো ধৰনৰ সম্ভাৱনাই মনটো আগুৰি ধৰিলে
নিৰুপায় মোৰ হাত ভৰি নচলা হ’ল
পৰ্বতৰ টিঙৰ পৰা যেন জপিযাই দিম
তেনে এটি ভাৱ মনত জাগি উঠিল
কিছু সময় বৰফ মানৱৰ দৰে থিয় হৈ ৰলো
এক অকৃতিম অনুভূতিৰ স্বাদ এটি বৈ গ’ল মুখৰ ভিতৰত
সময়ৰ জ্ঞ্যান মোৰ হেৰাই গ’ল
মোৰ ধৈৰ্য্যৰ বান্ধ ভাগি গ’ল
তাত আৰু এক্ষন্তেক নৰৈ ওলাই লৰ মাৰিলো ঘৰটোৰ পৰা।
সৃষ্টিৰ আদিম সত্বাক জগাই তোলাৰ প্ৰয়াস
অন্তঃকৰণ শুদ্ধিৰ বাবে আত্মানুসন্ধানত ব্ৰতি হলো
মানুহৰ কৰ্ম প্ৰবৃত্তি আৰু
কৰ্ম নিষ্পত্তিৰ বিষয়ে অনুধাৱন কৰিবলৈ চেষ্টা কৰিলো
সেয়ে অনাসক্ত চিত্তেৰে আত্মাক স্মৰন কৰিলো
মন বুদ্ধি আৰু ইন্দ্ৰিয় সমোহক নিয়ন্ত্ৰন কৰিবলৈ
গভীৰ নিদ্ৰাত উপবিস্ত হলো।