বসন্ত ঋতুৰ কলাক্ষেত্ৰ


উন্দুলি আহিছে আকাশ
লগে লগে কিনকিনীয়া বৰষুণ
বোকা-পানীৰে চিপচিপীয়া পথাৰ
উছাহক পৰাভূত কৰা
বতৰৰ এনে ৰূপ যথেষ্ট নহয়
বসন্ত ঋতুৰ কলাক্ষেত্ৰ
ঢোল-পেঁপা-গগনাৰ মাতত
মুখৰিত দুপৰ নিশাৰ আকাশ
এটি উছৱৰ মধু আলোড়ন
উৎফুল্লিত আনন্দৰ
বিজয় ধ্বজা উৰুৱাই
ৰচনা হয় এটি ইতিহাস ।।