সৃষ্টিৰ অনিমেষ ভাষা

আজি ৰ’দ লৈছো
সোণবৰণীয়া ৰ’দ
নৱতম সৃষ্টিৰ দৃষ্টিৰে চাওঁ
সৃষ্টিৰ অনিমেষ ভাষা
ৰিণি ৰিণি
এক অপূৰ্ব্ব সঙ্গীত
তোলোঁ মোৰ হৃদয়ৰ কোণে কোণে
গানে সুৰ লয়
দিওঁ উপহাৰ
পূৰ্বাচলত এটি নবীন সূৰ্য্য
মোৰ পোহৰৰ গানত
আকাশে বতাহে
উপচি পৰে ধল
লুইতৰ দৰে ফেনিল শুভ্ৰ জল
সুৰীয়া কুলিয়ে বসন্তৰ বাতৰি দিলে
বকুত সিঁচিলে মদাৰৰ ফাঁকু
চিকমিক কৰিছে লুইতৰ বালি
বুকুৰ ভিতৰত চেনেহৰ সঁফুৰাত
প্রিয়তমাৰ মিচিকিয়া হাঁহি
এনে অপূৰ্ব ভ্রমণ
হৃদয়ত বাঁহী বাজি উঠে গীত
থিৰ হৈ ৰওঁ চেতনা হেৰোয়াই ।।