সূৰ্য্যাস্তৰ সুদৰ্শন চক্র

তিৰবিৰণি আৰূ মৃদংগৰ ধ্বনি
অদৃশ্য আকাশী  ৰথৰ

নিঠৰ নীলকণ্ঠ
দুহাতৰ মাজত
সূৰ্য্যাস্তৰ সুদৰ্শন চক্র

হেঁপাহৰ মোহিনী
মলয়াত উটি ফুৰে

বসন্তৰ কুঁহিপাত
নন্দন বনত সুন্দৰ তুমি

আঁজলিৰে ধৰা পাৰিজাত ফুল
প্রতিদান অৰ্পি অন্তৰৰ মোহ

মানস ৰথত বহি
ছবি অকা কোন তুমি চিত্রকৰ।।