প্রেমৰ প্রবাহ

শুনি আছো প্রিয়তমাৰ
হাঁহিৰ খলকনি
ওঁঠৰ ৰং ৰূপালী গোলাপ
দেখা নাই
এনে অপূৰ্ব প্রতিমা
থিৰ হৈ ৰওঁ
প্রিয়াৰ নয়ন দেখি
ৰূপ ধৰি আহে
প্রেমৰ প্রবাহ
আত্মাটি উৰে পখিলাৰ দৰে
হৰিছিল কবি প্রাণ নিজানত
এক অপূৰ্ব্ব সঙ্গীত
বাজি উঠে কানত
চেনেহৰ সঁফুৰাত উৰে
জীৱনৰ এটি উছৱৰ মধু আলোড়ন ।।