বাঁহী বাজে
থিৰ হৈ ৰওঁ
চেতনা হেৰাই
এটি সৌন্দৰ্য্যই ৰূপ ধৰে
ঠিক প্রেমৰ প্রবাহ
আত্মাটি উৰি যায়
প্রিয়াৰ নিকুঞ্জ বনত
ওফন্দি পৰিছে সন্ধিয়া
তেওঁক দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
অব্যক্ত সুৰে দিলেহি বুজনি
হৰিছিল কবি প্রাণ
শূন্যতা আতৰি
বিৰিঙি উঠিল শুভ্ৰ জ্যোতি
মনৰ মাজেদি
বৈ গ'ল শীতল প্ৰপাতৰ জল
থিৰ হৈ ৰওঁ
চেতনা হেৰাই
এটি সৌন্দৰ্য্যই ৰূপ ধৰে
ঠিক প্রেমৰ প্রবাহ
আত্মাটি উৰি যায়
প্রিয়াৰ নিকুঞ্জ বনত
ওফন্দি পৰিছে সন্ধিয়া
তেওঁক দেখিছিলোঁ
বেলি লহিওৱাৰ পৰত
অব্যক্ত সুৰে দিলেহি বুজনি
হৰিছিল কবি প্রাণ
শূন্যতা আতৰি
বিৰিঙি উঠিল শুভ্ৰ জ্যোতি
মনৰ মাজেদি
বৈ গ'ল শীতল প্ৰপাতৰ জল