নীলাৰ ছত্ৰছায়াত আবদ্ধ

হয়টো নীলাই হব আকাশ খন
দেখাতটো নীলাই লাগে
কোনেনো জানে কিয় নীলা দেখি
নীলাৰ সিপাৰেনো কি আছে
জানেনে কোনোবাই
সকলো যে নীলাৰ ছত্ৰছায়াত আবদ্ধ
জন্ম যে সকলো নীলাৰ পৰাই
নিত্য নতুন সৃষ্টি এই নীলাৰ পৰাই
নীলাই খুদুৱনিৰ সৃষ্টি কৰে
সাগৰৰ বুকুত
গভিৰতা জুখিবলৈ টান
নীলাৰ পৰাই সৃষ্টি  এই সুন্দৰ ধৰা
সৃষ্টি কৰিছে মানৱে যুগ যুগ ধৰি
সভ্যতাৰ কালজয়ী সাকো
সুনীল গভিৰতাৰ
উবুৰি খাই পৰা নীলাখিনি
আকাশ আৱৰি
আকোৱালী আছে যেন
মৰমি পৰশ
মাতৃৰ কোমল হাতৰ