মোৰ সপোনৰ আকাশী গংগা









কালৰ সোঁতত উন্মাদ চঞ্চল জীৱন
আঘাতেৰে জৰ্জৰিত শৰীৰ
বুকুত তীব্ৰ যন্ত্ৰনা,

লুইতৰ বুকুত উটি যোৱা নাওঁখনিত
প্ৰাণটো দুহাতে সাৱতি
বালিচৰত থমকি ৰৈছো মাজে মাজে,
বহু অপেক্ষা আৰু ঘাত প্ৰতিঘাত
প্ৰবাহমান কালৰ সোঁতত
বিবেকৰ চাকনৈয়াত পৰি
ঘূৰি আছো অনন্ত চকৰিত,

উৎকন্ঠাৰে আত্মানুসন্ধানৰ পথত
আকাশী গংগাৰ সুঁতি বিচাৰি
সজল চাৱনিৰে
স্মৃতিৰ কোঠাবোৰত লুকা ভাকু খেলিছো,

বুজিওঁ নুবুজা ভৰা নদীৰ পাৰত বহি
অনুভৱ কৰিব বিচাৰিছো
কল্পনাৰে জীৱনৰ প্ৰতিপল,

বিপন্ন মানৱতাৰ প্ৰেম আকুলতা
সংশয়ৰ চাকনৈয়াত কঁপি উঠা আশা
সংকিৰ্ণতাৰ শিকলি চিঙি
উদগিৰণ হব খোজা একোৰা আশাৰ জুই
জ্বলি উঠিছিল দুচকুত,

তৃষ্ণাতুৰ প্ৰাণৰ গভীৰ ভালপোৱাৰ
প্ৰতিশ্ৰুতিৰ সতেজ অৰণ্যৰ
সেমেকা সুগন্ধ বিয়পি পৰিছিল
মোৰ টুলুঙা নাৱৰ চাৰিওকাষে,

ধুমুহা বতাহে কোবাই যোৱা
বঠা ভাগো ভাগো কৰা
নৌকা যাত্ৰাৰ অন্তিম ক্ষনৰ
এটি অনুভৱে বুকুৰ মাজত
অতদিনে খামুচি ধৰা
এটি অজান বিষৰ উপশম কৰি
চৌদিশ পোহৰাই বৈ আহিল
মোৰ সপোনৰ আকাশী গংগাৰ
ৰূপালী চুলি হেন এটি সুঁতি হৈ।