ধুঁৱলি কুঁৱলি মোৰ হৃদয়









আঠুৱনি পানীত খুপিয়াই খুপিয়াই আগবাঢ়ি যাওঁ
পাৰ ভাগি অহা উজানৰ পানী
ডাৱৰে আবৰা আকাশ
গুজৰি গুমৰি কঁপাই তুলিছে আকাশ বতাহ
মাজে মাজে দেখো বিজুলিৰ চমকনি
গছৰ ডাল পাতবোৰেও চিঞঁৰি উঠিছে এন্ধাৰ ৰাতি
গাজনিৰ হুংকাৰ আৰু বতাহৰ আস্ফালন
নিৰ্জন সন্ধিয়া অকলশৰে
কঁপি উঠে মন সপোন ভগাৰ ভয়ত
নিৰ্বিকাৰ প্ৰকৃতি আন্দোলিত আক্ৰোশ
দৃঢ় প্ৰতিজ্ঞ যেন উটোৱাই লৈ যাব
মোৰ বুকুৰ সযতনে গঢ়ি তোলা বাগিছা
আউল লগা মোৰ দুখৰ ৰাতি
ধুঁৱলি কুঁৱলি মোৰ হৃদয়
উজাই যাম নে ভটিয়াই যাম
মেঘাচন্ন মন আকাশ
অবোধ বান্ধোনৰ মায়াজাল এৰি
বাজি উঠিছে থানবান হৃদয়ত
মৃত্যমুখি ধৰ্ষিতা আত্মাৰ
বিষাদৰ অনুদিত কৰুন গান।