সহযাত্রী

সাধাৰণ নহয় মই
সাহস বহুত মোৰ
আহিছো জিনিবলৈ হৃদয়

সাগৰ পানীৰে ভৰা
সাতুৰি পাৰ হম হেলাৰঙে

মনত পৰে তোমাৰ কথা
কৈশোৰ জীৱনৰ লগৰি

খেতিপথাৰত খেলা মনত পৰে
বোকাৰ দৈনন্দিন জীৱন

নুবুজা অনুচ্ছেদৰ কেকুৰীবোৰ
মাথো জীৱনৰ ৰং

সহযাত্রী দুয়ো জীৱন পথৰ
কেতিয়াওঁ নোৱাৰো এৰিব তোমাক

সাজিম মৰমৰ স্মৃতিঘৰ
তোমাৰ আশাৰে

মোৰ তেজৰ ৰঙেৰে  ।।