তেজাল ৰঙাবোৰ

সুন্দৰ সপোন এটাই
দেও দিছে বুকুয়েদি
ভাল পাও৺ নীলা ৰং
শান্ত শীতল

নাচিছিল চকুহাল
বেঙুণীয়া আশাৰে
ভাল পাইছিল সপোনটিয়ে
তেজাল ৰঙা ৰং

এটি বাস্তব যাত্রা
সপোনৰ পৰা দিঠকলৈ
মনত পৰিছে তোমালৈ

বৰষুনৰ বতৰত
তেজাল ৰঙাবোৰ
উটিভাহি গ’ল