চিফুঙ বাঁহীৰ সুৰ

সুৰ এটি বাজে দূৰৈত
পাহাৰ ভেদি অহা
চিফুঙ বাঁহীৰ সুৰ

জোনাকী সন্ধিয়া
সুদুৰৰ সুৰটি
ৰৈ ৰৈ বাজিছে
ৰুনুজুনু জুনুকাৰ
নৃ্ত্যৰ তালে তালে

বাঁহীৰ বিৰহী সুৰত
নীৰৱ প্রেমৰ আকোলতা 

উন্মনা সুৰটো বুকুত বাজে
বিৰহী  সঙ্গীত হৈ

অচিনাকী অনামী সুৰ
ৰৈ ৰৈ বাজি থাকে
গধূলীৰ নিৰিবিলি নৈৰ পাৰে পাৰে ।।