ভাৱৰ প্রতিমা


সৰি পৰিল সূৰ্য্য
নিঃশব্দে বুৰ গ’ল দিগন্তত
আন্ধাৰ আকাশত
বিৰিঙি উঠিল
হেজাৰ তৰাৰ বুৰবুৰণি
আকাশী খলপাৰে
নামিল শূন্যতা
অনাদি যাত্ৰা অন্তৰীক্ষৰ
আকাশে আকাশে
সহস্র আলোক যাত্ৰী
শুভ্ৰ জ্যোতি হাতীপটীৰ
প্রিয়তমাৰ হাঁহিয়ে
দেখুৱালে পোৱাল মণি
প্রিয়াৰ দুগাল থাকিলো চাই
চকু অপূৰ্ব পদুমৰ পাঁহী
প্রেমৰ প্রতিমা খনিকৰে গঢ়া
ফুলনিৰ কুঁৱৰী
চঞ্চল হৰিণীৰ দৰে
মোৰ আত্মাটি উৰি গুণ গায়
প্রিয়াৰ নয়নৰ ৰূপ দেখি
চেনেহৰ মালতী
ভাৱৰ প্রতিমা বুকুতে বান্ধি
মইয়ো হ'লো এক আলোক যাত্ৰী ।।