পুৰনি সোঁৱৰনী বুকুৰ

দুবৰীৰ পাতত নিয়ৰৰ টোপালবোৰত
জ্বিলিকি উঠিল পূৱাৰ সূৰূয
কম্পিত হাতৰ পৰশত
নিঃশব্দে সৰি পৰিল
নিয়ৰৰ টোপাবোৰ
হেৰাই গ'ল সপোনৰ
মায়াবী জিলিকনি
এক শূণ্যতাৰে ভৰি পৰিল হৃদয়
দৃষ্টি আবদ্ধ
দূৰ দিগন্তত
আৰম্ভনি এটি নতুন দিনৰ
মেঘমুক্ত নীল আকাশত
চৰাইৰ তীব্র গতি
নিঃস্ব হৃদয়ে উচুপী উঠিছিল নিৰৱে
পাৰ ভাঙি অহা স্মৃতিবোৰে
গাইছিল দুখৰ গান
পুৰনি সোঁৱৰনী বুকুৰ
শ্রান্ত ক্লান্ত শৰীৰত অনুভৱ
এটি দীঘলিয়া উজাগৰি ৰাতি
অন্তৰত উগুল থুগুল ভাববোৰৰ খেলি মেলি
ব্যৰ্থতা ভৰা জীৱনৰ বিপুল বেদনা ।।