সখী

কোন দেশৰ পৰী তুমি
কলৈ গৈছিলা উৰি
নীল আকাশৰ বুকুভেদি
ডাৱৰৰ মাজে মাজে
ভূলতে দিলা ভৰি বুকুত মোৰ
উচপ্ খাই উঠিলো ময়
উফৰি গ’ল অকলে থকাৰ সকলো প্ৰতিশ্ৰুতি
বন্দি হ’লা তুমি মোৰ বাহু বন্ধনত
নাই কেতিয়াওঁ এৰি দিয়াৰ মন
পৰী থাকিবানে তুমি
জীৱনযোৰা সখী হই মোৰ।