প্ৰতিখন হৃদয়ৰ ইপ্সিত অভিলাস
চিৰস্থায়ী এটি ভাস্কৰ্য্য নিৰ্মাণ
বিস্তৃত স্থিতি আৰু
প্ৰবাহমান সুৰৰ ধ্বনি
অবিৰত নৈশব্দ আবেদন
হৃদয়ত উৰি ফুৰে এটি চৰাই
বৈ আহে এটা
জুৰি
অনুভৱ হয় প্ৰাচীন শীতলতা
অন্তৰত বৈ থকা
উন্মুক্ত
বাঁহীৰ সুৰ
নিনাদিত
শব্দৰ প্ৰতিফলন
অনুৰনিত হৈ বয় পাহাৰে ভৈয়ামে।