প্রিয়ংকন এতিয়া আপোন
মলয়াত সুৰ সংগীতৰ
এখনি নীলা আকাশ শীতলতাৰে ভৰা
সূৰুয আৰু জোনাকৰ
কি জানো লুকাভাকু খেলা
আজি দুয়ো দুয়োতে মগন
নিৰবধি হেৰুৱালি কি
সময় কেনি
গ’ল গমকে নেপালি
গধূলীৰ নীলাভ আকাশী
লাজতে লুকাল ৰূপালী চাদৰত
প্রহৰে প্রহৰে ফেচাঁই কুৰুলিয়াই
এন্ধাৰৰ এক মৃদু আলিংগণ
শব্দ বিহীন এটি কবিতা
মন আজি উৰণীয়া
লগৰীয়া ৰূপালী জোনাক
আৰু আছে সহস্র জোনাকীৰ
এটি সুৰ সমলয়
ভাবত বিভোৰ শূন্য আকাশ
ভৰি গ’ল হেজাৰ তৰা
তাতে আহি জোনাকে মিচিকি হাঁহিলে
দুটি তৰা লৈ ভুমুকি মাৰিলে
প্রিয়ংকন তুমি মোৰ
এতিয়া অতি আপোন
মলয়াত সুৰ সংগীতৰ
এখনি নীলা আকাশ শীতলতাৰে ভৰা
সূৰুয আৰু জোনাকৰ
কি জানো লুকাভাকু খেলা
আজি দুয়ো দুয়োতে মগন
নিৰবধি হেৰুৱালি কি
সময় কেনি
গ’ল গমকে নেপালি
গধূলীৰ নীলাভ আকাশী
লাজতে লুকাল ৰূপালী চাদৰত
প্রহৰে প্রহৰে ফেচাঁই কুৰুলিয়াই
এন্ধাৰৰ এক মৃদু আলিংগণ
শব্দ বিহীন এটি কবিতা
মন আজি উৰণীয়া
লগৰীয়া ৰূপালী জোনাক
আৰু আছে সহস্র জোনাকীৰ
এটি সুৰ সমলয়
ভাবত বিভোৰ শূন্য আকাশ
ভৰি গ’ল হেজাৰ তৰা
তাতে আহি জোনাকে মিচিকি হাঁহিলে
দুটি তৰা লৈ ভুমুকি মাৰিলে
প্রিয়ংকন তুমি মোৰ
এতিয়া অতি আপোন