এটি সুন্দৰ ৰাতিপোৱা

উষ্ণ আৱেগেৰে ভৰা এটি সুন্দৰ ৰাতিপোৱা
ঘাঁহনিত মুকুটা সদৃশ নিয়ৰৰ টোপালবোৰ
সূৰুযৰ ৰশ্মিত নিয়ৰৰ টোপালবোৰত জিলিকি উঠা তিৰবিৰনি
শীতৰ মৃদু চেচা বতাহজাকত শিহৰিত শৰীৰ
ৰোমাঞ্চিত মন আৰু আবেগত কম্পিত হৃদয়ৰ মৃদু গুঞ্জণ

অনুভৱ এটি চিৰ প্ৰবাহমান বিপুল আনন্দৰ

ভাঁহি যায় মন স্বপ্ন অৰণ্যত সুখ নামৰ অনুভূতিৰ সন্ধানত
এটি উজ্জ্বল সোণালী বিস্ময়, এটি অনুভূতিৰ ঐশ্বৰিক উপলব্ধি
সৌন্দৰ্য্য আৰু অনুভূতিৰ এই সমাহাৰ সৃষ্টিৰ আচৰ্য্য
শীতৰ ৰাতিপোৱাৰ এই উত্তাপ ভাল পাওঁ
মন প্ৰাণ সজীৱ কৰি তোলা সূৰ্য্যৰ সুন্দৰ সোণোৱালী ৰদৰ আভা