জেৰেঙা পথাৰ












আহিছে ঢল ফেনে ফুটুকাৰে
ওফন্দি উঠিছে ধৰাৰ বুকু
থৌকি বাথৌ মন

মৌনতাৰ দুৱাৰ দলিত
আতৰিল মৰূভুমিৰ ছাঁয়া 

ধীৰে ধীৰে গতি কৰে
জীৱন বসন্ত

উচ্ছাসৰ আস্ফালন
দেশৰ মাটিত
কল্লোলিত হৈ উঠে
জেৰেঙা পথাৰ

দাবি কৰিছে আজি
সোণগুটি বিচাৰি

হাঁহি হাঁহি বিজুলীয়ে
জপিয়াই ফুৰিছে
শুকুলা মেঘৰ আৰ লৈ

পমি গলো মই
বুকু জুৰুৱা  এক
সীমাহীন ৰাগীৰে।