এটি ৰূপৰ কান্তি

নিঠৰতা চকুৰ মণিত
কোলাহল  উচুপনিৰ
মোহিনী ৰূপ সূৰ্য্যাস্তৰ
অজ্ঞানে ধ্যান মোৰ
বহুমুখী হ
আকাশৰ নিজম ফুলনিত
হাঁহিৰ নাচোন
সৰি পৰা এটুপি চকুৰ পানী
উপচি পৰিল আকাশত
হেজাৰ তৰাৰ জিলমিল
প্রেমৰ এটি স্নিগ্দ্ধ বতাহে
সিচি গ'ল এটি ৰূপৰ কান্তি
হৃদয়ত ভৰি পৰিল
সুৰৰ ৰাগিণী