মোৰ সুশোভিত উদ্যান

সেউজীয়া ঢল বৈছে পথাৰত
তোমাৰ সান্নিধ্যৰ ছায়া নিৰ্জনতাত
ভাগিল টোপনি সৰিল স্বপ্নৰ পাপৰি
কৌতূহলৰ যাদুকৰী কুঁৱলী
তোমাৰ দেহৰ সপোন কোমল লাহী ককাল
বুকুত আশ্চৰ্য নিৰ্মাণ
পিছল সাঁকো বুকুত ধুমুহাৰ কোলাহল
কুঁৱলী আঁতৰাই হেঁপাহৰ ৰঙীন ৰুমাল
বুকুত সাৱতি মোৰ অনুভূতি
মোৰ স্বাভাৱিক ৰং এৰি
বাৰিষাৰ বতাহ যেন অজানিত আশা
বিপুল সম্ভাৰ আবিস্কাৰৰ আশাত
ঘনিষ্ঠ উত্তাপ তোমাৰ সান্নিধ্যৰ
মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ
উপস্থিতি অসম্ভৱ অনুবাদ
দেহত এতিয়া মোৰ হিংস্ৰ উত্সৱ
স্তব্ধতা ভাঙে তামস আকাশৰ
উখল মাখল সপোন কোমল
দুষ্প্ৰাপ্য তোমাৰ সান্নিধ্যৰ যাদুকৰী অনুভূতি
তেজত মোৰ এক অদ্ভুত আনন্দবোধ
যৌৱনৰ প্ৰাচুৰ্য প্ৰেমৰ গানত মূৰ্ত
স্থিত মোৰ সুশোভিত উদ্যান |