সাগৰ সংগমত ঢৌৰ সুউচ্চ ঊৰ্মিমালাই
সদ্যোজাত বেলিটোৰ সতে
হাঁহিৰ খলকনি তুলি
সৃষ্টি কৰিলে প্ৰকৃতিৰ ৰহস্যময়ী ৰূপ।
সোণোৱালী ঢৌত স্নান কৰি
বেলিটোৱে সুনীল আকাশৰ বুকত
আৰোহন কৰিলে
পূৰ্ণতা প্ৰাপ্তিৰ মন্থৰ গতি।
অনন্ত পিপাসু জীৱৰ
দৈনন্দিন কাৰ্য্যসূচীৰ সতিয়ান
চলিল ধাৰাবাহিক বাবে
সৃষ্টিকৰ্তাৰ এই অদ্ভূত সৃষ্টিৰ
যাদুকাঠীৰ পৰশত।