সংশয়ৰ চাকনৈয়াত

বিপন্ন মানৱতাৰ প্রেমৰ আকোলতা
সংশয়ৰ চাকনৈয়াত কঁপি উঠা আশা

সংকীৰ্ণতাৰ শিকলি চিঙি
উদ্গিৰণ হব খোজা একোৰা আশাৰ জুই
জ্বলি উঠিছিল দুচকুত

সতেজ অৰণ্যৰ সেমেকা সুগন্ধ বিয়পি পৰিছিল
মোৰ তুলুঙা নাৱৰ চাৰিওদিশে

ধুমোহা বতাহে কোবাই যোৱা
বঠা ভাগো ভাগো কৰা নৌকা যাত্রাৰ অন্তিম ক্ষণ

এটি অন্তিম ক্ষণৰ অনুভৱৰ মাজত
চৌদিশ পোহৰাই  আশা বৈ আহিল এটোপ দুটোপকৈ