সৃষ্টিৰ এটি নৱতম ৰূপ

শেষ হ’ব কাল ৰাত্ৰি
উপচি পৰিব পোহৰৰ ধল
মহাসাগৰত ঢৌ উঠিব
লুইতৰ বুকুয়েদি বৈ যোৱা পানীৰ সুঁতত
থিৰ হৈ ৰওঁ চেতনা নাই
আত্মাটি উৰি যায় প্রতিধ্বনি হৈ উভতি আহে
সহস্র চকুৰ ফুটাব নোৱাৰা ভাব
বুকুত জ্বলে সূৰুয
সংকেতেৰে বুজাই মনৰ প্রেম ভাৱ
সন্ধিয়াৰ ৰঙা বেলি
এটি অব্যক্ত সুৰ
এটি কবিতা
ফুলি উঠে নিজানত
শূন্যতাৰ হাত সাৰি উক দিলে মনত
সৃষ্টিৰ এটি নৱতম ৰূপ