সংস্কৃতিৰ অপূৰ্ব্ব ধাৰা

শেষ নোহোৱা পথাৰবোৰত
সৰি পৰিল হৃদয়-পাত্র
আৰু বুৰ গ’ল
ৰক্তিম উজ্জ্বলতা
মানুহৰ অন্তিম লালসাবোৰৰ
উক দিয়া ধোঁৱাবোৰে
আন্ধাৰত ৰৈ থাকে শূন্যতা হৈ
মই শিল্পী
অতীত বৰ্তমান আৰূ ভৱিষ্যতৰ  মাজেদি
জনতাৰ হৃদয়ত
সৃষ্টিৰ শলিতা জ্বলাওঁ
দেশ মোৰ সোণোৱালী
শুনো ৰিণি ৰিণি
সঙ্গীতৰ প্ৰতিধ্বনি
শান্তিৰ নৱলোক এই পৃথিৱীত
বৈ গৈছে
সংস্কৃতিৰ অপূৰ্ব্ব ধাৰা
মোৰ পোহৰৰ গানে
বুকুত সিঁচিলে
সৌন্দৰ্য্যৰ ৰূপ
হৈ দেৱী গীত ।।