নিঃশব্দ ভৰিৰ খোজ

সূৰ্য্যাস্তৰ শূন্যতাৰ পৰা সৰি পৰিল
মানুহৰ লালসাৰ ধোঁৱা
বুৰ গ’ল ৰক্তিম উজ্জ্বলতা

নিঃশব্দ ভৰিৰ খোজ
বুৰবুৰণি উঠিল আন্ধাৰৰ ভাৱনাৰ
দৰ্শক উলটিল ঘৰে-ঘৰে

নামিল বাটে পথে পৰুৱাৰ জাক
অলি – গলিয়েদি গ’লগৈ
নিজস্ব সন্ধানত