তোমাৰ সামৰ্থ্য কিমান।


বোকা পানীৰে ভৰা বাট
কল্পনা কৰা টান
বোকাত ভৰি পৰিব
সাধান হোৱা ভাল
মনত নপৰে
জীৱনত কেতিয়াবা
বোকাত ভৰি দিয়াৰ কথা
খেতিপথাৰত সেউজীয়া ধান থাকে
জীৱনত ৰং লাগে
কেকুৰীবোৰ ভাল নালাগে
জীৱন যাত্রাৰ ই এটি মাথো ক্ষন
নেভাবিবা সহযাত্রী তোমাৰ
কেতিয়াওঁ নোৱাৰো
মৰমৰ স্মৃতি ঘৰ বনাব
সুখ মোৰ বাবে মাথো
এটি অনুভুতি ক্ষ্যন্তেকীয়া
সাধাৰণ বাটৰ পথিক
ওঁ হো নহওঁ মই
সাধাৰণ নহওঁ মই
মই হলো আপোৰূগীয়া
গতিকে ভাবি চোৱা
তোমাৰ সামৰ্থ্য কিমান।