আছিল এটি কলি ফুলনিত
ফুলপাহি আজি গাভৰু হ`ল,
জীৱন নাটৰ বাগিচাত
ফুলপাহি আজি গাভৰু হ`ল,
জীৱন নাটৰ বাগিচাত
সুগন্ধৰ বতাহ বিচাৰি
মোৰ হৃদয়
সোমালেহি বাগিচাত,
পাওঁ নেকি মনৰ লগৰী
দেখিলো তোমাক,
আলফুলে আদৰি আনিলো
সাৰথি হলা প্রাণ প্রিয় হৈ,
মৰমৰ আউল লগা সময়ত
কনমানি পৰশে তোমাৰ
জীৱন অর্থ বিকশিত কৰি
মৰমৰ আউল লগা সময়ত
কনমানি পৰশে তোমাৰ
জীৱন অর্থ বিকশিত কৰি
দিলে এটি অনুভূতি
হিয়া ভৰাই।