অনুভূতিৰ এক শীতলতাই
মোক আবৰি ধৰিলে
শেই শীতলতাত মনটো
খেলি মেলি হৈ গল
মাৰ যোৱা বেলিটোৰ
পোহৰ
মজিয়াত পৰি জিলিকি
উঠিল
কব নোৱাৰাকৈ
জিলিকনিৰ ফালে ভৰি খন
আগবঢ়াই দিলো
এটা দুধুৰমোধোৰ
অবস্থাত ৰৈ গল
মোৰ ভৰিৰ খোজ
লাহেকৈ আঠুকাঢ়ি বহি
পৰিলো
পোহৰখিনি হাতেৰে
স্পৰ্শ কৰি
চাবলৈ মন গল
দিগন্তৰ সিপাৰে ৰাঙলী
বেলিটিলৈ
চালো এবাৰ
ডূব যাব খোজা
বেলিটোৰ ৰূপত
মোহিত হৈ নিঠৰ হৈ
ৰলো
বেলিটো লাহে লাহে
আহত জোপাৰ আৰত লুকাই
পৰিল
ঠাই ডোখৰতে মই যেন
এক
চুম্বকীয় শক্তিৰ বলত
আবদ্ধ হৈ ৰলো
বেলিঠো দিগন্তত
হেৰাই গল
আৰু লাহে লাহে মোৰ
চাৰিও কাষ
আন্ধাৰে আৱৰি ধৰিলে
এক অনাবিল আনন্দত
মোৰ মনটো ভৰি পৰিল
কব নোৱাৰাকৈ অন্তৰৰ
পৰা
এটা সুৰ ভহি আহিল
মনলৈ
দেহৰ সমস্ত শক্তিৰে
প্ৰাণ খোলি গীত
গাবলৈ ধৰিলো।