অ’ হেৰা

হেৰা খেলো ব’লা
লোকাভাকু নহলে কইনা দৰা
আমি জানো ডাঙৰ হ’লো
লুকা ভাকু খেলিব নোৱাৰো
হয়তো ঠিকেই, চুলি পকা
মাতে সকলোৱে ককা
তথাপি দেখোন মন যায়
খেলিবলৈ লুকাভাকু
ঠিক তেনেকৈ, যেতিয়া আমি
’ণমানি আছিলো
ভাবিলেই ভাল লাগে
সৰু কালৰ কথা
নহলে ব’লা খেলোগৈ কইনা দৰা
নালাগে লাজ কৰিব
কোনেনো আমাক চাব
সময় আছে জানো
কোন সেইকিটা বুঢ়ি-বুঢ়া
নাই দিয়া কবলৈ কোনো
নতুনকৈ শিকিছে খেলিবলৈ হবলা
নাতি নাতিনিয়েকৰ পৰা
হেৰা খেলো ব’লা

লোকাভাকু নহলে কইনা দৰা  ।।